...

1 views

মৌনতা
“তুমি কথা বেছি নোকোৱা নেকি?”- সোণাৰুজোপাৰ তলত একান্তমনে কিবা লিখি থকা স্নিগ্ধাই হঠাৎ মাতটো শুনি উচপ খাই উঠিল। তৎক্ষণাৎ তাই বহীখন বন্ধ কৰি পাছফালে ঘূৰি চালে,কাষতে থিয় হৈ আছে ল'ৰাজন, সিহঁতৰ ডিপাৰ্তমেণ্টৰে হ'ব কিজানি, তাই ঠিক ধৰিব নোৱাৰিলে। প্ৰশ্নবোধক দৃষ্টিৰে সি তাইৰ ফালে চাই আছে। “কিয় সুধিছে?”- স্নিগ্ধাই বহীটো তুলি ল'লে। “এনেই ক্লাছতো তুমি কাকো নমতা, ক্লাছ নাথাকিলেও ইয়াত আহি বহি থাকাহি, আ..।” “মই এনেকৈয়ে ভাল পাওঁ।”–নিবিৰৰ কোৱা শেষ নহওঁতেই স্নিগ্ধাই লৰালৰি কথাখিনি কৈ গেটলৈ খোজ ল'লে। তাইৰ আচহুৱা আচৰণত সি অলপ বিস্মিত হ'ল। কলেজ ছুটি হৈছে। ছাত্ৰ-ছাত্ৰীবোৰ উপৰা- উপৰিকৈ ওলাই আহিছে। হাই-উৰুমি, ভিৰবোৰত স্নিগ্ধাজনী ক্ৰমাৎ লুকাই পৰিছে। সম্পূৰ্ণকৈ নেদেখা হোৱালৈকে সি তাইলৈ চাই ৰ'ল। “অ'ই কি কৰি আছ ইয়াত, নেযাৱ নেকি? সোনকালে ফিল্ড গৈ পাব লাগিব, ব'ল ব'ল”– অৰ্ণৱে প্ৰায় দৌৰি অহাৰ নিচিনাকৈ নিবিৰৰ কাষ পালেহি। “অহ, পাপুদাহত পালেহিয়েই চাগে”–অৰ্ণৱৰ মাতত নিবিৰে স্বাভাৱিক হ'বলৈ যত্ন কৰিলে। দুয়ো ততাতয়াকৈ চাইকেলত উঠি ঘৰলৈ বুলি ৰাওনা হ'ল। সৰা সোণাৰুৰ ধুলিময় ৰাস্তাটোৰে আগবাঢ়ি এটা সময়ত সিহঁতো নোহোৱা হৈ থাকিল, এন্ধাৰে সাৱটিলে কলেজৰ চৌদিশ–চৌপাশ।
******