...

1 views

মৃত্যু ।
মৃত্যু এটা কবিতা,
যাৰ পাতনি মেলিছিল এই ৰঙীন পৃথিৱী দৰ্শনৰ বহু আগত।
এই কবিতাৰ ওৰ পৰিব মোৰ উশাহত।
নিশ্চয় মই ৰৈ যাম কাৰোবাৰ প্ৰেমত, অথবা
কাৰোবাৰ আঘাতত।
মোৰ স্মৃতিবোৰ সময়ৰ সোঁতত বিলীন শৈ পৰিব,
নতুবা জীয়াই থাকিব কাৰোবাৰ বুকুৰ উমত।
মৃত্যু এটা কবিতা যাৰ অৰ্থ বিচাৰি ফুৰী ভাগৰি পৰো ঘূৰি ঘূৰি পৃথিৱী আকৌ অজান হৈ মৰো।