...

16 views

" জোনাকৰ বৰষুণ "
এছাটি শীতল বতাহে
কানে কানে কৈ গল
শৰৎ আহিল বুলি।
ভাল লাগে মোৰ
শৰতৰ আকাশৰ স্নিগ্ধ জোনাক
আৰু ভাল লাগে মোৰ
শৰতৰ শুভ্ৰ শেৱালিৰ সুবাস।
দুৱৰি বনত জিলিকি থকা
নিয়ৰৰ টোপাল বোৰত
জোনাকৰ বৰষুণ পৰি
জিকমিকাই তুলিছে
এই বিশাল ধৰণী খনি।
শৰতৰ শেৱালিৰ সুবাসে
চৌদিশ আমোলমলাই তুলিছে।
আমোলমল শেৱালিৰ গোন্ধ
যাওঁ বুলি যাবই নোখোজে চোন।

@pratibhadutta
©All Rights Reserved