...

1 views

মোৰ প্ৰেমিকজন।
মোৰ সপোনত বগা ঘোঁৰাত উঠা ৰাজকুমাৰ অহা নাই, মাথো বিচাৰিছিলো তেওঁ যেন ভাল পোৱাৰ বাহিৰেও জীয়াই থকাৰ প্ৰেৰণা দি যায।
মোৰ ভাগৰত তেঁওৰ ছা টি আৰু তেওৰ হাঁহিত মোৰ সঁহাৰি, সুখৰ বাবে আৰু নালাগে বেছি।
অশান্ত প্ৰাণৰ স্পন্দন তেঁওৰ কাষৰতে থমকে, হেজাৰজনৰ মাজতও তেঁওৰ সুবাসে মোক আবৰে।
ভাল পোৱাৰ সংজ্ঞা মই নাজনো ,
ভাল পোৱা কি বুলি আনে সুধিলে তোমাক সুৱৰো।
নালাগে জোন , তৰাৰ উপহাৰ,
তুমি মাথোঁ মোৰ ভালপোৱাৰ অস্তিত্ব হবা।
আন্ধাৰবোৰ আঁতৰিব,
আমাৰ চোতালত জোনাকী ফুলিব,
ঘাত- প্ৰতিঘাত সকলো সামৰি ,
ভাল পোৱাৰ সফল কবিতা লিখিম,
তুমি কাষত বহিবা অতীত সুঁৱৰি
আকৌ প্ৰেমৰ বাৰিষাত তিতিম।
............✍️ তোমাৰ প্ৰেয়সী।