...

17 views

" যাত্ৰা "
এই যাত্ৰা নীৰৱ ছিন্ন যাত্ৰা
থমকি নৰয় কেতিয়াও
যেন এক বোৱতী সুঁতিৰ দৰে
বৈ যায় ঢৌ খেলি খেলি।
জন্মৰ পৰা মৃত্যুলৈ
অহৰহ চলি আছে
এই যাত্ৰা যেন বিৰামহীন
এখন ৰেলগাড়ীৰ দৰে।
উঠিছে মানুহ নামিছে মানুহ
প্ৰতিটো ৰেল ষ্টেচনত
পুৰাইছে প্ৰতিটো খালি চিট
উভতি নাচায় কলৈ যায় কোন।
মানৱ জীৱন যেন
এখন চলন্ত ৰেলগাড়ী
গন্তব্যস্থান পালে থমকি ৰয়
সংসাৰৰ মায়া এৰি
পঞ্চভুতত বিলীন হয়।
এই যাত্ৰা চলি আছে
চলিয়েই থাকিব
বিৰামহীন গতিত
যেন বোৱঁতী নদীৰ সুঁতি।
© All Rights Reserved