...

0 views

হিয়াৰ খবৰ
লিখিলো তোমালৈ বুলি
হিয়াৰ উমেৰে সাঁচি ৰখা
মৰমৰ চিঠিখন
ফালি নেপেলাবা
আখৰ বেয়া বুলি।
আশাৰ পদূলিও আজি
উঠিছে সেমেকি
শেৱালিৰ পাপৰিৰ
মৰহি যোৱা সুবাসেৰে।
অভিমান সামৰি
বসন্তৰ সুবাস ঢালি
তুমি আকৌ আহিবা
আকৌ সানি দিবা
মোৰ উকা হৃদয়ত
মিঠা আৱৰণ।