...

10 views

তোমাৰ চকুলোবোৰ
কিনো ভূল কৰিলা তুমি
চকুপানীবোৰ যেন তোমাৰ লগৰী,
ইবাৰো দেখো চকুলো দুচকুত
সিবাৰো দেখো চকুলো দুগালত।
নাজানো কেনেকৈ আহিল
প্ৰলয়ংকাৰী ধুমুহা তোমাৰ জীৱনলৈ,
সুখ দুখ হাহি মৰম ভালপোৱা
সকলোবোৰ তোমাৰ পৰা‪
আজুৰি লৈ গ'লগৈ।
সুখৰ বিপৰীতে দুখ
হাহিৰ বিপৰিতে কান্দোন আৰু মৰম-ভালপোৱাৰ বিপৰীতে ঘৃণা জন্মিবলৈ
সেই ধুমুহাই বাধ্য কৰালে,
আনৰ ছলাহী কথা নুশুনিবলৈ
আৰু আনক সহজে বিশ্বাস নকৰিবলৈ
সেই ধুমুহাই তোমাক শিকালে।
সেই ধুমুহা অহাৰ বাবেই তুমি
বহুত কথাই শিকিলা,
সেই বলিয়া ধুমুহাৰ বাবেই
তুমি বহুত কথা পাহৰিলা।
ধুমুহাই লৈ গল তোমাৰ পৰা
মৰম আৰু ভালপোৱা,
তোমাৰ বাবে থৈ গল
অশ্ৰু আৰু এবুকু বেদনা।
সেই ধুমুহাতেই তুমি
বহুতো মূল্যৱান কিবা হেৰুৱালা,
বলিয়া ধুমুহাই তোমাক শিকালে
বহুতো নজনা কথা।
গুচি গল ধুমুহা সকলো থান বান কৰি
তোমাৰলৈ থৈ গল এবুকু বেদনা,
কান্দি কান্দি ভাগৰি পৰা অন্তৰে
কিমাননো সহিব দুখৰ যান্ত্ৰনা।
তোমাক ইমান দুখ দি
কোনোৱে নোৱাৰে হ'বলৈ সুখী,
তোমাৰ পৰা আতৰি গলেও এদিন তেঁ‌ও
তোমাৰ অভাৱত থাকিব চকুলো তুকি।
হয়তো ধুমুহাজাক বহু দুৰলৈ গুচি গল
কিন্তু, অশ্ৰু থাকি গল তোমাৰ,
সূৰ্যৰ দীপ্তময় পোহৰতো যে তোমাৰ
জীৱনৰ কৰুনতম ফালতো হল আন্ধাৰ।
জীৱন তো এতা দুখময় সহিব নোৱাৰা
বেদনাৰ সমস্তি কৰি তুলিলে,
তোমাৰ কান্দি কান্দি ভাগৰি পৰা
সেই কনমানি অন্তৰে উপায়হীন হৈ
হাহে বুলি ধুমুজাকে নুবুজিলে।
বুজি নাপাও অ
তোমাৰ ক'ত ভূল হৈ গল,
যাৰ বাবে তোমাৰ সপোনবোৰ
সপোন হৈয়ে ৰ'ল।
নাকান্দিবা অ তুমি
চকুলোবোৰ মুচি থোৱা,
হাহি হাহি তুমি
তোমাৰ জীৱন তো সজোৱা।
নিবিচাৰিবা আৰু ..........
তুমি কোনোবা এজনক
তোমাৰ জীৱন সজাবলৈ,
নাযাবা আৰু ............
কেতিয়াও নাযাবা তুমি
কাৰোবাৰ আপোন হ'বলৈ।
এবাৰ গ'লা তুমি আপোন হ'বলৈ
কিন্তু নিজেই ভাগি গ'লা দাপোনৰ দৰে,
বুজিবা অ তুমি
নিয়ৰৰ তুপালবোৰ গছকতে সৰে।
তোমাৰ চকুলোবোৰ আজি
সৰ সৰকৈ বাগৰিছে,
সেই চকুলোক বাধা দিবলৈ
চেস্তা কৰিও কোনোৱে নোৱাৰিছে।
আজি চাগে মনত পৰিছে তোমাৰ
সেই ধুমুহাজাকৰ স্মিতি,
সদায়ে চাগে তুমি
সেই স্মিতিক থাকিবা সৱতি।
দুখ নকৰিবা তুমি, যিয়ে তোমাক
দি থৈ গ'ল বেদনা মাথো বেদনা,
তেঁ‌ওৰো এদিন বেয়াকৈ ভুগিব
এই যান্ত্ৰনা................।

-ৰিম্পী গগৈ।