...

2 views

তোমাৰ ভালপোৱা
নাযানো কি প্রতিউওৰ দিম
তোমাৰ ভালপোৱাৰ সংজ্ঞাৰ...
মই যে এক শব্দহীন নাওঁৰ যাএী..!
মই জানো ভাল তুমিও যে পোৱা মোক
কিন্তু কিয়বা তুমি নুবুজা
মই বুজি পাঁও বুলি ...?
নাযানো তুমি জানা নে নাজানা
তুমি যে মোৰ সমগ্ৰ সওাজুৰি বিৰাজমান..
যোৱা বাদ দিয়া...
তুমি চাগে নুবুজিবা
মোৰ ভালপোৱাৰ এই নীৰৱ সংজ্ঞা..
আৰু মইও তোমাক পুনৰ বুজাব নাযাও...
কাৰণটো তুমি নিশ্চয় জানা...
সপোনতো মইও বহুত ৰচিছিলো
তোমাক লৈ....
এক বাৰেবৰণীয়া ৰঙেৰে বোলোৱা
এটি জীৱনৰ...
কিন্তু তোমাক আৰু সেইটো কৈ হৈ উঠা নহ'ল...
আৰু......
তোমাৰ অজানিতেই তোমাক ভালপোৱাটো
চাগে ভূল হ'ল....
তুমিও চাগে গ'লা গুচি
আৰু
মোৰ ভালপোৱাৰ নীৰৱ সাধনাও চাগে
অপূৰ্ণ হৈয়ে ৰ'ল..
তুমি সচাই কৈছা দেখোন
ভালপোৱা মানে কাৰোবাক নিজৰ কৰি লোৱা নহয়....
আনৰ সুখৰ কাৰণে নিজৰ
আহুতি দিয়াটোয়ে হৈছে
প্ৰকৃত ভালপোৱা....
সেয়ে মই নিজৰ ওচৰত কৃতজ্ঞ
মই যে তোমাৰ অজানিতেই মোতকৈ বেছি
তোমাক ভালপাওঁ....