...

25 views

মোৰ সপোন আৰু ভৱিষ্যত
মোৰ এতি সপোন আছে
ভৱিষ্যতে এগৰাকী শিক্ষয়িত্ৰী হম,
বহু আগ্ৰহেৰে বহু হেপাহেৰে
ছাত্ৰ ছাত্ৰীবোৰক পঢ়াম।
জানিবৰ বহুত মন যায়
এই শিক্ষক বা শিক্ষয়িত্ৰী শব্দতো
কিমান মহান কিমান মধূৰ
আৰু কিমান আদৰ্শ পূৰ্ন।
শিক্ষয়িত্ৰী হোৱাৰ এই সপোনেই
মোক লৈ যায়
বহু দূৰ দিগন্তলৈ,
আৰু নিয়ে ভৱিষ্যতে হবলৈ বিচৰা
মোৰ শিক্ষকতাৰ জীৱনলৈ।
মই বিচাৰো
মোৰ ওৰে জীৱন
শিক্ষকতাৰ মাজেৰেই পাৰ হওক,
কাৰন মই বিচাৰো
আৰু মহান কৰিবলৈ
এই শিক্ষকতা জীৱনক।
মই বুজো
শিক্ষক-শিক্ষয়িত্ৰীয়ে
মমৰ দৰে গলি
গ্যানৰ পোহৰ বিলায়,
ছাত্ৰ-ছাত্ৰীৰ মনত
হেপাহ আশা
আৰু উচ্ছ্বাস জগায়।
-- ৰিম্পী গগৈ।