...

17 views

নিয়ৰ কণা
আহিনৰ ঘাঁহনিত পৰিল
নিয়ৰৰ কোমল টোপাল
বাতৰি আনিলে শৰতৰ
শেৱালিৰ নিয়ৰ সনা সুবাসৰ।
কহুৱা কোমল বননিৰ
আঁৰত লুকাই শৰালি জাকে
মেঘৰ বকোচাত উমলি
উলাহঁত দেও দি নাচিছে।
পুৱাৰ ৰদ কাঁচলিত
উঠিছে উজলি
নিয়ৰৰ টোপাল ঘাঁহনিত
পিন্ধাই লাজৰ উৰণী।
শাৰদী ৰাণীৰ কোমল পৰশত
আহিনৰ সেমেকা নিয়ৰত
তলসৰা শেৱালিৰ শুভ্ৰ পাপৰিত
মুকুতা মণি যেন টোপাল নিয়ৰৰ।
শৰতৰ শেৱালি বুটলি আনি
হেঁপাহেৰে সজাম মনৰ পদূলি
পিন্ধাই লাজৰ উৰণী
আদৰি আনিম দুৰ্গতিনাশিনীক।

প্ৰতিভা দত্ত পাঠক
5 অক্টোবৰ 2020 ইং
^^^^^^^^^^^^^^^^^
© All Rights Reserved