...

4 views

মায়া
মনটোয়ে মনে মনে বহু বিষয়ে বিচাৰে!
কিন্তু বুৰ্বকৰ দৰে
প্ৰেমৰ সংজ্ঞাৰ বাহিৰত প্ৰীতিৰ লীলাও বিচাৰে!
নিৰ্জ্জনতাত নিসংগ হৈ অপ্ৰাপ্য মৰমৰ সুৱদী সুৰে
অনুৰাগৰ গীতো জুৰে!
শব্দত ৰসবোৰ সৰে
সুগন্ধও বিয়পে
কিন্তু মৰিচিকাৰ দৰে বিৰহ বেদনাৰ শূল হ্নদিত খুচি
প্ৰণয়ো চোন অজান কল্প ধৰাত
নিজৰ মায়া ৰচে
© Dj Arnav🍃🍂