...

1 views

স্মৃতি
একেলগে কটোৱা আৱেলি
তৰা গণা ৰাতি,
সোঁ সিদিনাৰ কাহিনী।
চোৱা সময়ৰ আঘাত,
চকুৰে নেদেখি ,
হিয়া গল চিৰ্ণ কৰি।
দোষ তোমাৰ আধা মোৰও অকৰামি,
আত্মাৰ সম্বন্ধ বুলি দাবী কৰা যেন এতিয়া শব্দৰ ধুলীয়ৰি ।
সম্বন্ধবোৰ শক্তিশালী হোৱাহেঁতেন,
কাগজৰ টুকুৰাত জানো সামৰিব পাৰি?
মোৰ বুলি দাবীও কৰিছিলোঁ ,
পৃথিৱীৰ আগত গৌৰবৰে তোমাৰ নাম লৈছিলোঁ,
বাৰু যাহক.....
তুমি কুশলে থাকা,
বিচৰা ধৰণৰ সংগী পোৱা,
এয়া মোৰ ভগ্ন হৃদয়ৰ দোৱা।
তোমাৰ স্মৃতিবোৰ পাহৰিব বহু চেষ্টা কৰোঁ,
দাপোনত নিজৰ ছবি দেখি হাহো,
ভাগৰী পৰিছোঁ মিছা সান্তনাৰ কোলাত শুই,
চাৰিওফালে যেন তুমি এৰিযোৱাৰ কেঁচা জুই।।।।