...

3 views

হেঁপাহ
#হেঁপাহ
#nijara#assamese#assamesequote#life

হেঁপাহবোৰে কুঁৱলীৰ আৱৰণ ভেদি বিহঙ্গ হ'ব খোজে....
মুক্ত মনে উৰিব খোজে অন্তৰীক্ষৰ বুকুত...
শুনিব খোজে আকাশীৰ নীলা সঙ্গীত...
অচিনা এজাক বতাহে হেঁপাহবোৰক শান্ত কৰে....
ক্ষণিকতে আকৌ জীৱনৰ বাটটিত
খোজৰ গতিবগ দ্ৰুততৰ কৰেহি...
অনুভৱ হয় তাৰ বাবেই যেন... জীৱনটোৱে জীয়াবলৈ মন কৰে...
সেয়েহে হয়তো মোৰ এক বিৰামহীন যাত্ৰা...
নিজৰ সৈতেই...
কিয় নাজানো...?
বৰ্তমানত প্ৰতিটো ক্ষণেই এটি কাহিনী,
এটি কবিতা যেন বোধ হয়...
এইবোৰে যে হঠাতে উন্মেষ হৈ
অন্তিম স্হানত ৰয়গৈ...
হেপাহবোৰো ঠিক তেনেকুৱাই...
আৰম্ভণি আৰু সমাপ্তিতে
সীমাৱদ্ধ হৈ ৰয়.....!!!

© Nijara❤