...

15 views

বৰষুণ
অগনন টোপালবোৰ লগ লাগি মুখুল ধাৰ বৈছে ,হয় মোৰ অনুৰাগবোৰ বৰষুণ হৈ নামিছে| এইজাক বৰষুণে আনিছে মলিনতা ধোৱাই নিয়াৰ শতপৰা কামনা ,হিয়াত ৰোপিত আশাবোৰ জিপাল হৈ পৰিছে ,মোৰ অনুৰাগবোৰ বৰষুণ হৈ নামিছে| যদিও নিজৰ সুৰত মগন হৈ টিপ টিপ সংগিত জুৰিছে, হয় মই বুজিছো মোৰ অনুৰাগবোৰ বৰষুণ হৈ নামিছে |নিৰৱ পথত নৈ হৈ বৈছে ,সচায়ে অনুৰাগবোৰ বৰষুণ হৈ নামিছে|