শিলত লাগি ৰোৱা কাহিনী
নৈৰ কাষৰ শিলবোৰে কথা কয়
বহু পুৰণি কথা তুমি মই নজনা।
কথাবোৰ লাগি ৰয় নৈৰ গড়াত
কেতিয়াবা কথাবোৰ বতাহে
উৰুৱাই নিয়ে, বহু দূৰলৈ...
কথাৰ কাহিনীবোৰৰ বিচ্যুতি হয়।
শব্দবোৰ উফৰি আহে
কোনো বহেমিয়ানৰ
কাণত প্ৰতিধ্বনিত হৈ
শব্দবোৰ লাহে লাহে
মনৰ মাজত সোমাই যায়।
শব্দবোৰে নিৰাপত্তা বিচাৰি
প্ৰশ্ন কৰে তুমি
শব্দৰে অনুভৱ লিখিব জানানে?
বহু পুৰণি কথা তুমি মই নজনা।
কথাবোৰ লাগি ৰয় নৈৰ গড়াত
কেতিয়াবা কথাবোৰ বতাহে
উৰুৱাই নিয়ে, বহু দূৰলৈ...
কথাৰ কাহিনীবোৰৰ বিচ্যুতি হয়।
শব্দবোৰ উফৰি আহে
কোনো বহেমিয়ানৰ
কাণত প্ৰতিধ্বনিত হৈ
শব্দবোৰ লাহে লাহে
মনৰ মাজত সোমাই যায়।
শব্দবোৰে নিৰাপত্তা বিচাৰি
প্ৰশ্ন কৰে তুমি
শব্দৰে অনুভৱ লিখিব জানানে?