...

14 views

অনুগল্প---" বেদনা "
আৰ্মিত চাকৰি কৰা সূত্ৰে ৰতনে ঘৰৰ পৰা দূৰত থাকে। এমাহৰ ছুটিত ৰতন ঘৰলৈ আহিছে। দুৰ্গা পূজালৈ মাজত মাথোঁ এসপ্তাহ বাকী গতিকে আহোঁতে ভতিজাক হতলৈ কিছু পূজাৰ কাপোৰৰ বজাৰ কৰি আনিলে। ৰতনৰ মাক দেউতাকে মনে মনে এজনী ধুনীয়া ছোৱালী ৰতনলৈ ঠিক কৰি থৈছিল। ৰতন আহি পোৱাৰ পাছত সকলো কথা বিবৰী কলে আৰু বিয়াৰ দিন এটি চাই শুভ কাম শীঘ্ৰে কৰিব দিলে। কথাবোৰ শুনি ৰতন বিমোৰত পৰিল। মাক দেউতাকৰ কথাও পেলাব নোৱাৰে ইফালে সৰুৰে পৰা মনে প্ৰাণে ভাল পাই থকা ৰূপালীৰ কথাটোও মাক দেউতাকৰ আগত কব নোৱাৰে। উপায় বিহীন ৰতনক দুখ-বেদনাই আগুৰি ধৰিলে। বেদনাৰ সাগৰত ডুব গৈ ৰতনে যেন উৱাদিশ নোপোৱা হল। পূজাৰ আনন্দ কেনিবা হেৰাই গল। বেদনাই ৰতনক আগুৰি ধৰিলে।