মই পাৰিম
নোৱাৰো মই , প্ৰসাধনৰ আৱৰণত নিজক সামৰি কেৱল “ধুনীয়া “জনী হৈ থাকিবলৈ । মই মুক্ত ভাৱে নিজৰ প্ৰসাধনবিহীন মই জনীক মানুহক দেখোৱাবলৈ কুন্ঠাবোধ মুঠেই নকৰো ।
কিয় লাগে , এই তৰপবোৰ? কোনো এজন পৰুষৰ আদৰ বুটলিবলৈ? নিজক ময়ো ভাল পাওঁ, ক্ষন্তেক পৰ ময়ো সেই মেক-আপৰ বোলত নিজক লুকাও , ভাল লাগে। কিন্ত ‘মই-মই’ যেন নালাগে ।
মই জানো, অকল লিপস্টিক নতুবা ব্লাশ্বাৰৰতেই সীমাবদ্ধ?? মোৰ নাই কোনো সত্তা? মই চোন নাৰী, দুখ-সুখ, হাঁহি-কান্দোন, প্ৰেম-বিষাদ, আদৰ-যতন, সংস্কাৰ বুজা । মই কিয় হ’ম, কেৱল কাপোৰ আৰু প্ৰসাধনৰ আৱৰণেৰে এজন পুৰুষক জয় কৰা, এগৰাকী?
মোৰ জধলা ৰূপটোৰেও মই অহা যোৱা কৰি পাইছো , আন বহুতৰ দৰেই মই ৰাতিপুৱাই আইলাইনাৰ কাজল আঁকি , কি পিন্ধিম...