...

20 views

কেচা তেজ আৰু নাৰীত্ব
তাই ১০ বছৰতেই ডাঙৰ হ’ল, কষ্ট পাব । তেনেই অকণমানি , বুজি পাব জানো কেচা তেজ আৰু ভগ্ন জৰায়ুৰেখাৰ ৰং বোৰ?


ও, তাইৰ ১৩ বছৰ হ’ল, পিছে ডাঙৰ হওঁতে বেছ পলম হ’ল ? বাৰু নোহোৱাকে নাথাকিল যে ।

ও, তাইৰ হেনু কেচা তেজৰ চেঁকুৰা বৈ নাহিলেই ।এয়া মই নহয়, ভাৰতীয় সমাজৰ বহু খিনি সময়ত দেখিবলৈ পোৱা এক সঁচা পৰিচয় ।

কেচা তেজ আৰু জৰায়ুৰ যন্ত্ৰণাতেই যেন সীমাবদ্ধ এগৰাকী নাৰীৰ নাৰীত্ব??

কিন্ত নাৰীগৰাকী যদি সেই মাহৰ পাঁচ দিন সেই বিশেষ প্ৰাকৃতিক “cycle”ত সমাজৰ সকলোৱেই জানো সমানে চায়?

কিছু মানুহ আজিও আকোৰ গোজ, ইটো নাপায় , সিটো নাপায়।ইটো নাখাবি, নুচুবি । আৰু যে মাটিত শুবলৈ দিয়া, য’ত নেকি সেই কেইদিন শৰীৰটোৱে বিছাৰে কেৱল কিছু আৰাম । আগৰ যুগত হেনু খেৰৰ মজিয়াতো শুবলৈ দিছিল । পেড ব্যৱহাৰৰ কথায়ে নাহে ।

আন বাদেই দিছো, কেমিষ্ট জনে যে পেডৰ পেকেট টো এনেকৈ প্ৰথমে বাতৰি কাকত পিছত কলা পলিথিনত মেৰিয়াই দিয়ে, কিয়? লাজ লাগে ?

লাজ লাগে যদি , সমাজৰ মানুহে ভালকৈ থাকিব শুব নিদি , ৰজ্বস্বলা নাৰীগৰাকীক সেই কেইদিন “untouchable ” ব্যৱহাৰ কৰাত লাগক ।

আৰু পেট্ৰল -ডিজেলৰ দাম বাঢ়িলে সকলোৱেই মাত মাতো, “pink tax” বিৰুদ্ধিতা কিমানেই বা কৰো ? যাৰ বাবে বহুতেই পেড এপেকেট ল’বলৈও টান পায় নতুবা কোনোয়ে আনি দিবলৈ মন নেমেলে, ভাৰতৰ দৰে দুখীয়া দেশত ডাঙৰ কথা নহয় ।

গাওঁত বহুত ধৰণে আজিকালি স্বাহ্যকৰ্মী সকলে হয়তো কম দামত বা বিনামূলীয়া পেড বিতৰণ কৰি আহিছে, ভাল লাগে । হয়তো আৰু বহুতে পিছপৰা ঠাইত পাবলৈও আছে ।

সেইবোৰ চৰকাৰে দায়িত্ব পালন কৰি যাব , কিন্ত আমাৰ দায়িত্ব ? মাহেকীয়া হৈ থকা মহিলা গৰাকীক “normal” ব্যৱহাৰ কৰাটোহে । আৰু কোনো নাৰীৰ যদি এই বিশেষ প্ৰক্ৰিয়াটি নাই, তেঁওক তথাপিও সমান নজৰে চাবলৈ শিকক । মমতাময়ী নাৰী, নাৰীয়েই , কেচাতেজ কাহিনিও নহওঁক নাৰীত্বৰ প্ৰমাণ ।