...

16 views

মই কোন?
মই ফুটুকি পখিলা,
আতোলতোলকৈ ডাঙৰ হোৱা,
মই জীৱন নাটৰ নায়িকা।

মই কৃষ্ণচুড়াৰ ৰঙা,
মোৰ গাভৰু দেহৰ যি আভা,
সৌৱাও কেচা তেজৰ আলপনা ।

মই প্ৰেয়সী ৰাধা,
তেওঁৰ হৈও নোহোৱা ,
মই ৰ্ম্মান্তিক বেদনা ।

মই সাংসাৰিক জ্যোতিৰ প্ৰকাশ,
দায়িত্বৰ নাই অবকাশ ।
হয় মইয়েই অৰ্দ্ধাকাশ।


মই বিশাল এটি গহ্বৰ,
মোৰ জৰায়ুতে উমলে
গৌৰৱ -মাতৃত্বৰ ।

মই নিয়ৰ সেমেকা "ৰাতি"
মৃদু বাহীৰ সুৰত আহে ভাহি,
যৌৱনৰ কিছু মৃদু স্মৃতি ।

মই জোনাক ৰাতিৰ শশি ,
জীৱন জীৱন লগা কলপ খিনি
মোৰ চুলিতে পৰিছে বিয়পি ।

মই পুৰণি এখনি দস্তাবেজ,
অচিন -কঠিন ঘাট-প্ৰতিঘাটৰ,
মই অনুপম সমাবেশ ।

মই অগ্নিতস্নাতা,
পুৰি পুৰি উজ্জ্বলি উঠা,
"নাৰী" নামৰ সোণ এচপৰা ।