...

2 views

অবাটে ...
বৰ বিশেষ আপোনাৰ পৰা মোক একো নালাগে,
ৰ'দ বৰষুণ নেঁওচা ছাটি টোৰ দৰে মোৰ লগত থাকিলেই হ'ল!
এন্ধাৰত মোৰ লগ এৰা ছাঁ টোৰ দৰে আপুনি বাচ মোৰ লগ নেৰিলেই হ'ল!
বৰ বিশেষ একো নালাগে মোক,
দিনটোৰ শেষত, ভাগৰ নমৰালৈকে মাত্ৰ অলপ কথা পাতিলেই হ'ল!
মই জানো, আজি কালি যিমান‌‌ কথা নাপাতিলে ও মোৰ মন‌ নভৰে!
আকৌ ভিতৰি ভয়ো লাগে কেনেবাকৈ যদি  এই অভ্যাসটোৱে মোৰ‌‌ লগ এৰে!
কেতিয়াবা কোনোবা এখন‌ শান্ত‌ নদীৰ পাৰত বহি‌ জীৱন আলাপ‌‌ কৰিবলৈ মন‌‌ মোৰ!
মনত আছে মোৰ,আপুনি‌‌ কোৱা...
'নদী‌ আপোনাৰ প্ৰিয়!'
কিমান‌ আশয্যয়কৰ,
ভাল‌ লগা‌ মানুহজনৰ ভালপোৱা/ভাল লগা বোৰ নিজৰো যে ভাল লগা হয়!
এই যে আপুনি ভালপোৱা সেউজীয়া বোৰ...
ধৰি ৰাখিব পৰা হ'লে,
মোক একোৱেই নালাগে আপোনাৰ পৰা;
অথচ সকলো‌ লাগে ,এনে কিয় ?
এই যে সকলো‌ অজুহাত জ্ঞাত হৈয়ো মোৰ আপোনাৰ প্ৰতি আকুলতাৰ অন্ত নাই,
নিজক হেৰুৱাই ও যে কেতিয়াবা মোৰ আত্মাই আপোনাৰ উপস্থিতি‌‌ বিচাৰি ফুৰে,
তাৰ সংজ্ঞা কি দিব আপুনি?
কিছুমান প্ৰশ্নৰ উত্তৰ নাথাকে!
কিন্তু উত্তৰ নাথাকিলে সি  প্ৰশ্ন ও হব‌ নোৱাৰে!
মই মুক হৈ পৰো!
কথাষাৰ সঁচা,
আপোনাৰ পৰা মোক‌ বিশেষ‌ একো‌ নালাগে,
অথচ পৃথিৱীৰ আটাইতকৈ মূল্যবান উপহাৰটো আপুনি মোক‌‌ দি‌ থৈছে!