...

1 views

অসমাপ্ত কথাবোৰ
এটি কবিতা: কেতিয়াও প্ৰকাশ হোৱা নাই
এটিয়ে গীত: কেতিয়াও গোৱাই হোৱা নাই

এটি সপোন: আজিও বাস্তৱত্ত্ব হোৱা নাই
এটি কাহিনী: যাৰ উদ্ধৃতি লেখা হোৱা নাই

এটি শিহৰণ: যাক থিতাপি দিব পাৰা নাই
এটি উশাহ: ঋণ যেন পৰিশোধ হোৱা নাই

এটি জীৱন: শূন্য কলমৰ দৰে ৰ'ই আছে
এক প্ৰণয়: তোমাৰ দৰে নিতৌ ব'ই আছে

এয়াইতো মোৰ সেই আধৰুৱা দস্তাবেজ দাৰ্মী
যাক সামৰি আজিও সম্পূৰ্ণ কৰিব পাৰা নাই

© Dermy