...

9 views

মই দিহিং-পাটকাইয়ে কৈছো
মোৰ গভৰ্তে উমলে গছ-বন লতা,
ডালে ডালে, ২৯৩ প্ৰজাতিৰ চৰাইৰ কাকলি কি যে মনোমোহা ,
সোণ বৰণীয়া সেই বান্দৰ কেইজনীয়ে আকৌ, কোলাহল লগায়,
গজৰাজে যুম পাতি , মোৰ শুভা বঢ়ায় ।
১০১ বিধ orchid মোৰ বুকুতে ফুলে,
৩০ বিধ চিত পখিলায়ে মৌ ৰস চুমে,
আৰু যে ক'ত কি,
৪৭প্ৰজ‍তিৰ স্তনপায়ীজীৱ আৰু সৰিসৃপ
উভয়ৰ সমাহাৰ, পৃথকে-পৃথকে, জীপাল মোৰ বুকুত, পশু -পক্ষী বৃক্ষ॥
পৰিস্থিতি তন্ৰৰ ভাৰ বৈ ,
ধৰিত্ৰীৰ বৰ্ষাৰণ্য, দিহিং-পাটকাই মই ॥
@Rimjhim Luna Mahanta, the writing "dogtor".