...

5 views

ভাল পোৱা
আনৰ ক’বলৈ নাযাও । নিজক যিমান ভাল পাওঁ মাজে মাজে সিমানেই নিজক অনাদৰো কৰোঁ । হঠাৎ যেতিয়া সেই অনাদৰে মোক অন্ধাকাৰলৈ ঠেলি দিয়ে, মই সাৰ পাই আকৌ নিজক সামৰি লওঁ, আলফুলে ।

নিজক ভাল নাপালে, আনক ভাল পাম কেনেকৈ? পৰিয়ালৰ ভাল পোৱাবোৰত এনেও বিশেষ আশা নাথাকে । মই ভাল নাপালেও মোৰ অংশৰ মৰমখিনি আন কাক বিলাব নো??

পৰিয়ালক ভাল পাবলৈ, বিশেষ ভাৱে জানো ভাৱিব লাগে? মা দেউতাচোন এনেও মোৰ পৃথিৱী, যিমান দূৰত মই মইন-কিৰা ন’হলেও মোক টানিবই তেওঁলোকৰ আপডালে ।

তাৰ বাহিৰেও, যাক ভাল পোৱা যাই, যি বিশেষ ঠাই পাই …তেওঁক অকল ভালপোৱাই যায় জানো?

অভিমানৰ ডাৱৰবোৰো মাজে মাজে জোঁকাৰি যায়।

ভাল লগা যিমান বেছি, ইটো সিটোৰ ভাল নলগা দুই এটা গুণ নাথাকিলে, কেনেকৈ হ’ল সেইয়া মনুষ্যৰ সত্তাৰে আৱৰা ভালপোৱা ?

ভাল নলগা বোৰ পিছে কমাই দিলে, ভাল লগা খিনি আৰু উজ্জ্বলি উঠে । ভালগাতকৈ ভালপোৱা উজু । ভাল লগা ক্ষন্তেকিয়া...ভাল পোৱা যুগমীয়া । ধৈৰ্ষ্য আৰু আনৰ চাহিদা পূৰালেই ভালপোৱা ।

সেই চাহিদা পূৰাবলৈ নিজৰ বলিদান , আত্মসন্মানৰ বলিদান নহয় ।

আদান প্ৰদান, সমান্তৰাল ভাৱে । আধা তেওঁৰ আধা তোমাৰ । ঠেহ নলগাবলৈ, কিছু সাৱধানতা...বাকি উজু ৰাস্তা ।

হিচাপ কৰি নহয়, অবিৰাম ভাৱে । স্বাৰ্থ নথকা সম্পৰ্ক নাই, স্বাৰ্থবোৰ যোগাত্মক হওঁক ।


© Rimjhim Luna Mahanta,the writing "dogtor"