...

8 views

ফাগুন
দিন যায় ৰাতি আহে
সময় আগুৱাই
বছৰে বাগৰ সলায়।
এটি এটাকৈ ঋতু আগুৱাই
বসন্ত ঋতুত ভৰি দিয়ে
কৈ যায় মনৰ গধুৰ বতৰা।
লঠঙা বিৰিখে মনৰ দুখত
উভতি চাই সৰাপাতলৈ
মাথোঁ সময়ৰ সতে খোজ মিলাই।
শিমলুৰ তেজ ৰঙা পাহিবোৰ
ফাগুনৰ গাত পৰি উঠিছে উজলি
পাহৰাই মনৰ বেজাৰ
ৰঙীন হৈ পৰিছে ফাগুন।