...

8 views

"ফাগুন"

এজাক পছোৱা বতাহে আহি
কানে কানে কৈ গল
ফাগুন আহিছে বুলি।
ফাগুন আহিলে প্ৰকৃতিও হয়
ৰঙত আউলি বাউলি
সেয়ে শিমলু জোপাই তেজ ৰঙা
ৰং সিঁচি দিয়ে প্ৰকৃতিক।
আকাশে বতাহে শুনা যায়
পৰা পাতৰ কৰুণ বিননি
ৰঙত বলিয়া ফাগুনে আনে
বসন্তৰ জাননী।