...

3 views

দূৰণিৰ দুৱাৰত
ধূলি হব এটি এটি সপোন
জ্বলন্ত অগ্নিশিখাই ৰূপ দিব __
মই গলোঁ বুলি ।

অনুমান অনুসৰি নিশ্চিত হবএদিন
এই কবিতাৰ অৰ্থ ,
চকুলোৱে শুকান কৰিব উদং মনবোৰ ,
নিশব্দে শুনিম অন্তিম কালৰ আৰম্ভণিত শেষ গান __ মৌন হৈ ।

মাটিৰ সমান্তৰালত মিলিত বিলীন
জীব মই ,
ধুনীয়া ৰঙীন জগতৰ কথাছবি এখনৰ অংশ লোৱা চৰিত্ৰৰ এজন ।

জন্ম আৰু মৃত্যুৰ মাজৰ সময়কনৰ অন্যতম অনুষ্ঠান জীৱন ___আহি অৱশেষত সম্পূৰ্ণ অন্ত পৰিল বুলি কম ।
মানৱ ইতিহাসৰ সবাটোতকৈ সত্য নিয়ম অনুযায়ী ,
উৎসৰ্গা মোৰ কাব্য চৰ্চা ।

অনুভৱ দুখৰ __মূল কাৰণ ,
মই ইমান কঠোৰ নিষ্ঠুৰ নে ?
সকলোকে কন্দুৱাম , শোক দিৱস পালিত কৰাম ?

ভয়াতোৰ ভাবনাত আজি প্ৰশ্নৰ উত্তৰত চিন্তিত মন ,
যিয়েই নহওঁক সেয়াই হব মোৰ শেষ বিশ্ৰাম ..
দূৰণিৰ ভ্ৰমণ ।