...

3 views

জাতিৰ গৌৰৱ ড° ভূপেন হাজৰিকা
(৮ ছেপ্টেম্বৰ ১৯২৬ - ৫ নৱেম্বৰ ২০১১
১১ সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে)

সেই নদীৰ পাৰতে হৈছিল
এক বিখ্যাত সাহিত্যিকৰ আগমন,
কৰিছিলা সৃষ্টি অসংখ্য গীতৰ
ৰচিছিলা তুমি মালা কবিতাৰ,
তুমি ৰছিলা জাতিৰ গৌৰৱ
তুমি বান্ধিলা সকলোকে এডাল এনাজৰীত,
হাজাৰতা দুখটো তুমি থাকিলা যুঁজি
আৰু দিলা থিয় সদায় এই জাতিৰ হকে,
মানৱতা কি বুজাই দিলা তোমাৰ গীতত
দেখুৱাই দিলা বাট এই অসমীয়া জাতিক,
শত্ৰুৱে যেতিয়া দুৱাৰমুখত ৰৈ আছিল
আছিলা তেতিয়াও তুমি সৈন্যৰ সৈতে থিয় দি,
নদীৰ পাৰতে ৰৈ আছিলা তুমি সদায় ৰক্ষা কৰি
এই ধৰা, এই অঞ্চল তথা এই জাতিক,
ব্ৰহ্মপুত্ৰৰ বালিচৰত তুমি সাজিছিলা
এক শান্তিৰ ঘৰ এই জাতিৰ বাবে,
আগবঢ়াই গ'লা তুমি তোমাৰ মহান কীৰ্তিত্ব
ব্ৰহ্মপুত্ৰৰ সেই বিস্তীৰ্ণ পাৰতে,
সেই ব্ৰহ্মপুত্ৰই তোমাক সদায় সুঁৱৰে
আৰু জনাই প্ৰণাম থাকিব সুঁৱৰি যুগ যুগলৈ ।

© Divya