...

2 views

অকল মই
চঞ্চল কৰে যাৰ বিশ্বাসে
দিয়ে মোক মৰমৰ আভাস ,
গুণ গান গায় মনে মনে,
দি আহিছে যেন আশ্বাস ।

মূৰৰ আঘাট উপশম হৈ যায়,
মৰমৰ জুলুঙাটিয়ে আবৰি ৰাখিছিল,
নিজকে আত্মপ্ৰকাশ কৰাৰ অনুমতি প্ৰদান কৰিলে ,
নীৰৱ নিৰবিছিন্ন চিন্তাধাৰা গবেষণাৰ কোন অৱস্থানত যেন সুস্থিৰ হব মন ।
অৱশ্যে আবেদনৰ বিষয়
জনসমাজ আৰু জগতৰ অন্যতম ___ব্যক্তিত্ব ,
অপ্ৰকাশিত সাহিত্য চৰ্চা মনত , অত্যন্ত ক্ষণস্থায়ী মানৱৰ জীৱন আৰম্ভ কেতিয়া ??
শেষ মূহুৰ্তত আছে গুপ্ত ৰহস্য জানিবৰ বৰ হেপাহ হয় কেতিয়াবা ,
কত যে বতাহত বিয়পি বিলীন হয় ।

অন্তৰত উজ্জীৱিত হোৱা এখন সন্মিলনত অংশগ্ৰহণ কৰিলে
মৌন মনে গুপনে ,গমকেই নাপালো ।
বাৰু মই সাৰ পালোঁ ,
দেখিলোঁ বাস্তব জীবন আৰম্ভ,
মইও অজান ছবিখন পিছলৈ বুলি থলো ।
আকৌ এটুকুৰা ওপৰত আধাৰিত সময়কনৰ কাষ চাপিলো ।